কিষাণ ক্ৰেডিট কাৰ্ড

কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) এনে এক মূল্যবান বিত্তীয় সৰঞ্জাম যি কৃষকসকলক উচ্চ-সুতৰ ঋণৰ চক্ৰটোৰ পৰা বাহিৰ ওলোৱাত সহায় কৰে আৰু বীজৰ ব্যয়ৰ পৰা আৰম্ভ কৰি বিপণনৰ ব্যয়লৈকে, ৰক্ষণাবেক্ষণৰ ব্যয়ৰ পৰা আৰম্ভ কৰি গুদামত জমা কৰাৰ ব্যয়লৈকে - খেতিৰ সমগ্ৰ প্ৰক্ৰিয়াটোত সস্তাত ঋণ পোৱাৰ সুবিধা উপলব্ধ কৰে। কেচিচিএ কৃষকসকলক বিভিন্ন কামৰ বাবে প্ৰয়োজন হোৱা নগদ ধন সোনকালে লাভ কৰাত সহায় কৰে আৰু ধন পৰিশোধৰ ক্ষেত্ৰত যথেষ্ট নমনীয়তা প্ৰদান কৰে। ইয়াৰ ফলত কৃষকসকলে খেতিৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব

সময়-অনুসৰি ঋণ পৰিশোধৰ উপকাৰিতা

  1. সুবিধাজনক বেংকিং, নিম্ন ঋণৰ হাৰ আৰু কেচিচিৰ সৈতে সম্পৰ্কিত অন্য সুবিধাসমূহৰ লাভ অব্যাহত থাকে যেনে:

    1. কম প্ৰিমিয়ামত বীমাৰ ব্যাপক পৰিসৰ

    2. প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ ক্ষেত্ৰত বিত্তীয় সহায়

  1. আপোনাৰ ক্ৰেডিট স্ক’ৰ (ঋণ পোৱাৰ ক্ষমতা) উন্নত কৰে

    1. ঋণ লাভ কৰাৰ যোগ্যতাৰ ভাল লক্ষণ

    2. আপোনাক পৰৱৰ্তী সময়ত উচ্চ ৰাশিৰ ঋণ পোৱাৰ বাবে যোগ্য কৰি তোলে।

    3. আপোনাক ভৱিষ্যতে কম সুতৰ হাৰত ঋণ পোৱাৰ বাবে যোগ্য কৰি তোলে

  1. চৰকাৰে আগবঢ়োৱা অতিৰিক্ত ভৰ্তুকি তথা আঁচনিৰ বাবে অপোনাৰ যোগ্যতাৰ সম্ভাৱনা উন্নত কৰে।

কেচিচিৰ দেয় ৰাশি সময় অনুসৰি পৰিশোধ নকৰাৰ প্ৰভাৱ

বেংকৰ সৈতে থকা সম্পৰ্ক বিপদাপন্ন হোৱা

কেচিচিৰ স্থিতি প্ৰতি বছৰে পৰ্যালোচনা কৰা হয়। অনিয়মিত পৰিশোধৰ অৰ্থ হৈছে সুবিধাৰ লাভ আদায়ৰ পৰা বঞ্চিত হোৱাৰ উচ্চ সম্ভাৱনা।

সুতৰ শুল্ক

সময় মতে পৰিশোধ নকৰাৰ ফলত দণ্ডনীয় সুতৰ শুল্ক লগোৱা হ’ব পাৰে যিটো ঋণ নিয়মিতকৰণৰ সময়ত পৰিশোধ কৰিবলৈ বাকী থকা ৰাশিৰ ওপৰত মাহে 2% পৰ্যন্ত হ’ব পাৰে

ক্ৰেডিট নম্বৰৰ ওপৰত নেতিবাচক প্ৰভাৱ

আপোনাৰ ঋণ পৰিশোধ কৰাৰ ইতিহাসত থকা নেতিবাচক তথ্যই আপোনাৰ ঋণ পোৱাৰ ক্ষমতা কম কৰে আৰু ভৱিষ্যতে ঋণ পোৱাত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঋণ পালেও তাৰ সুতৰ হাৰ স্বাভাৱিক হাৰতকৈ বেছি হ’ব।

ক্ৰেডিটমনিটৰে আপোনাক সময়মতে সকলো পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে যাতে আপুনি কেচিচিৰ লাভ আদায় কৰাটো অব্যাহত ৰাখিব পাৰে।